বলিউডৰ জনপ্ৰিয় অভিনেতা ছনু ছুদক ক’ৰোনা প্ৰতিষেধক টীকাকৰণ অভিযানৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্ত কৰা হ’ল।
দেশত দ্ৰুত গতিত বৃদ্ধি পোৱা ক’ৰোনা মহামাৰীৰ বাবে সকলো ৰাজ্যতে টীকাকৰণ অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
সেয়েহে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অৰবিন্দৰ সিংয়ে পঞ্জাৱৰ এই টীকাকৰণ অভিযানৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্ত কৰে অভিনেতা ছনু ছুডক।
Happy to share that actor & philanthropist @SonuSood will be the Brand Ambassador of our #Covid19 vaccination drive. I thank him for supporting our campaign to reach out to, and protect, every Punjabi, and appeal to all to get vaccinated at the earliest. pic.twitter.com/1083v6M0FP
— Capt.Amarinder Singh (@capt_amarinder) April 11, 2021
লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই যে এই টীকাকৰণ অভিযানত ছনু ছুডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
উল্লেখযোগ্য যে বিগত বৰ্ষত লকডাউনৰ সময়ত ছনু ছুডে অসহায় লোক সকলক ভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছিল।
Photo Credit: Twitter