দেশত পুনৰ ক’ভিড-19 ৰ বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৷ দেশৰ ভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰসমূহে পুনৰ সান্ধ্য আইন জাৰি কৰাৰ লগতে বন্ধ ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বৰ্তমানৰ উৰিষ্যাৰ ক’ভিড-19 ৰ পৰিস্থিতি উদ্বেগজনক ৷ ৰাজ্যখনৰ চৰকাৰে এই কথালৈ দৃষ্টি নিক্ষেপ কৰি বিশ্ববিখ্যাত পুৰীৰ জগন্নাথ মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৷ দেশী-বিদেশী দৰ্শনাৰ্থীৰে ভৰি থকা জগন্নাথ মন্দিৰৰ চৌহদ পুনৰ ক্লান্ত হৈ ৰ’ব ৷
চলিত মাহৰ ১০ তাৰিখৰ পৰা ৩১ তাৰিখলৈকে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ ৷ জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া মন্দিৰ পৰিচালনা সমিতিৰ সৈতে মত বিনিময় কৰি ৰাজ্য চৰকাৰে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মন্দিৰ পৰিচালকৰ সৈতে একাংশ কৰ্মচাৰীয়েও ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ৷ ক’ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে উৰিষ্যা চৰকাৰে ৷