বৃহস্পতিবাৰে পেৰিছৰ সংগ্ৰহালয়ৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মমৰ মূৰ্তি আঁতৰোৱা হয়। ইউক্ৰেইন আক্ৰমণেৰে বিশ্ববাসীক সংকটৰ মাজলৈ ঠেলি দিয়া পুটিনৰ এই কাৰ্যৰ বিৰোধিতাৰে পেৰিছৰ সংগ্ৰহালয়ৰ পৰা আঁতৰোৱা হয় এই মূৰ্তিটো৷ বিগত ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ এসপ্তাহ পাছতেই এই পদক্ষেপ হাতত লয় পেৰিছ প্ৰশাসনে৷
পেৰিছৰ গ্ৰেভিন সংগ্ৰহালয়ৰ সঞ্চালকগৰাকীয়ে কয়, ‘আমি গ্ৰেভিন সংগ্ৰহালয়ত হিটলাৰৰ দৰে স্বৈৰাচাৰী শাসকৰ প্ৰতিমূৰ্তি ৰখা নাই৷ আমি আজি পুটিনৰ উপস্থিতিও নিবিচাৰো’ ৷ইপিনে সংগ্ৰহালয়টোৰ সঞ্চালক ডেলহোমিয়াউয়ে কয়, ‘যি ঘটিছে, তাৰ পৰিপ্ৰেক্ষিতত, আমি আৰু আমাৰ কৰ্মচাৰীসকলে প্ৰতিদিনে তেওঁৰ চুলি আৰু চেহেৰা ঠিক কৰিব নিবিচাৰোঁ।’
এক প্ৰতিবেদনত কোৱা হৈছে যে সংগ্ৰহালয়টোৱে পুটিনৰ প্ৰতিমূৰ্তিৰ সলনি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰিছে।