কংগ্ৰেছ নেতা ৰাহুল গান্ধী ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।
টুইটাৰযোগে এই কথা জানিবলৈ দিয়ে। ৰাহুল গান্ধীয়ে ক’লে যে সাধাৰণ লক্ষণ দেখা পোৱাৰ পিছত মই ক’ৰোনা টেষ্ট কৰোৱাইছিলো, মোৰ ৰিপৰ্ট পজিটিভ ওলায়।
After experiencing mild symptoms, I’ve just tested positive for COVID.
All those who’ve been in contact with me recently, please follow all safety protocols and stay safe.
— Rahul Gandhi (@RahulGandhi) April 20, 2021
মোৰ সৈতে সংস্পৰ্শত অহা লোকসকলে ক’ৰোনা প্ৰট’কল অনুসৰণ কৰক আৰু সুৰক্ষিত থাকক।
ৰাহুল গান্ধী ক’ৰোনা পজিটিভ হোৱাৰ পিছত ছচিয়েল মিডিয়াত তেওঁৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনোৱা হৈছে।
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গহলোটে শীঘ্ৰে সু-স্বাস্থ্যৰ কামনা কৰে।
উল্লেখ্য দিল্লীত ক’ৰোনাত দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা।
সোমবাৰেই ২৩,৬৮৬জন লোক আক্ৰান্ত হৈছিল আৰু ২৪০জনে মৃত্যুক সাৱটিছিল।
সোমবাৰেই প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মাৰ ৰিপৰ্ট ক’ভিড পজিটিভ আহিছিল।
Photo Credit: Google