অগন্তুক বিধানসভা নিৰ্বাচন সমাগত ৷ বিধানসভাৰ নিৰ্বাচনক লক্ষ্য ৰাখিয়েই চলিত বৰ্ষৰ ১৪ ফ্ৰেব্ৰুৱাৰীত শিৱসাগৰলৈ আহিব ৰাহুল গান্ধী ৷
ৰাহুল গান্ধী অসম ভ্ৰমনক লৈ তৎপৰতা বৃদ্ধি পাইছে কংগ্ৰেছী নেতাৰ ৷
উল্লেখযোগ্য যে ১৪ ফ্ৰেব্ৰুৱাৰীত শিৱসাগৰৰ বডিং খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভাত ৰাহুল গান্ধী উপস্থিত থাকিব ৷
এই প্ৰসংগত দেৱব্ৰত শইকীয়াই বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে অসমৰ ৰাইজে নিজে উপলব্ধি কৰিছে বিজেপিয়ে অসমক কি দিলে ৷
২০১৬ চনৰ বিধানসভা নিৰ্বাচন বিজেপিয়ে যিদৰে আসন লাভ কৰিছিল এইবাৰ নিৰ্বাচনত বিজেপিৰ আসন হ্ৰাস পাব ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে ১০১ আসন লাভ কৰিব ৷
আনহাতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাই বিজেপিৰ ভোট কাঢ়িব ৷
২০১৬ চনৰ নিৰ্বাচনৰ আগমূহুৰ্তত বিজেপিয়ে অসমবাসীক দিয়া প্ৰতিশ্ৰুতি শ্ল’গান হৈ ৰ’ল ৷
অসমৰ ৰাইজে দেখিছে কেনেকৈ বিজেপিয়ে জাতি, মাটি, ভেটি ৰক্ষা কৰাটো দূৰৈৰে কথা , অসমৰ জাতি, মাতি, ভেটি বিক্ৰী কৰাতহে ব্যস্ত হৈছে ৷