তিনিচুকীয়াৰ আবকাৰী অধীক্ষকৰ ভাড়াঘৰত তালাচী দুৰ্নীতি নিবাৰক শাখাৰ।
বৃহস্পতিবাৰে নিশা চলোৱা তালাচীৰ সময়তে জব্দ ৩ লাখ ৯১ হাজাৰ টকাৰ নগদ ধনৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ।
তিনিচুকীয়াৰ আবকাৰী অধীক্ষক মানস জ্যোতি দাসক দিনৰ ভাগত কাৰ্যালয়ৰ পৰা আটক কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।
তিনিচুকীয়াৰ প্ৰতিখন সুৰাৰ বিপণীৰ লগতে বাৰসমূহৰ পৰা প্ৰতি মাহে ২০০০ টকাকৈ সংগ্ৰহ কৰিছিল বিষয়াগৰাকীয়ে।
অভিযোগ অনুসৰি অধীক্ষকগৰাকীৰ সকলো টকা সংগ্ৰহ কৰিছিল অৰ্জুন বাছফৰ নামৰ যুৱকজনে।
দুয়োজনক মাৰাথন জেৰা চলাই দিনৰ ভাগত আটক কৰিছিল দুৰ্নীতি নিৰ্বাৰক শাখাই।
Photo: Headline8