পেট্ৰ’ল আৰু ডিজেল, ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাৰ পিছত এইবাৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাব ৰে’লৱেই।
দৰাচলতে ৰে’লৱেও প্লেটফৰ্ম টিকট আৰু লকেল ট্ৰেইনৰ ভাড়াও যথেষ্ট বৃদ্ধি কৰিছে।
জানিবলৈ দিয়া অনুসৰি ৰে’লৱেয়ে প্লেটফৰ্ম টিকটৰ মূল্য ৩ গুণ বৃদ্ধি কৰিছে।
উল্লেখ্য যে পূৰ্বে এখন প্লেটফৰ্ম টিকটৰ বাবে ১০ টকা দিব লাগিছিল কিন্তু ৩ গুণ দাম বৃদ্ধি কৰাৰ পিছত ৩০ টকা দিব লাগিব।
দৰাচলতে ক’ৰোনা কালত লকডাউনৰ পিছৰে পৰা প্লেটফৰ্ম টিকটৰ বিক্ৰী বন্ধ হৈ গৈছিল কিন্তু আজি ১২ বজাৰ পিছৰে পৰা দিল্লীৰ প্ৰতিখন মুখ্য ৰে’লৱে ষ্টেচনত প্লেটফৰ্ম টিকট পোৱা আৰম্ভ হৈ যাব।
ইফালে দেশৰ কেইবাখনো চহৰত প্লেটফৰ্ম টিকটৰ দাম ৫০ টকা কৰা হৈছে।
ৰে’লৱে ষ্টেচনত ভিৰ কম হ’বলৈ এই পদক্ষেপ গ্ৰহণ
ক’ৰোনা মহামাৰীৰ মাজত ক’ৰোনা মহামাৰীৰ মাজত ষ্টেচনত বেছি ভিৰ নহ’বলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Photo: Google