বহুদিনৰ মূৰত যেন অম্বুবাচীৰ শাত ভালকৈ পৰিছে। লোকবিশ্বাস অনুসৰি অম্বুবাচীৰ প্ৰাক মূহুৰ্তত বৰষুণ হয় বুলি প্ৰবাদ আছে। সেই অনুসৰি অম্বুবাচীৰ আগে আগে অসমত স্বাভাবিকতে বৰষুণ হয়। ইফালে ৰিমাল নামৰ সাগৰীয় ধুমুহাৰ বাবে প্ৰায় এক সপ্তাহ আগতেই পহিলা জুনত দক্ষিণ পশ্চিম মৌচুমী বায়ু অসমত প্ৰৱেশ কৰিছিল তাৰ পাছৰে পৰা বিগত দিনত উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু ঠাই বিশেষে মজলীয়াৰ পৰা গাজনি, ঢেৰেকনীৰ সৈতে ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈ আছে। ফলত ৰাইজৰ স্বাভাবিক জনজীৱন ব্যাহত হোৱা পৰিলক্ষিত হৈছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি বংগোপ সাগৰত শেহতীয়াভাৱে সৃষ্টি হোৱা বতৰৰ কেতবোৰ পৰিঘটনাৰ বাবে আগন্তুক চাৰিদিনলৈ উত্তৰ পূবৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমৰ আকাশ বেছিভাগ ঠাইতে মেঘাছন্ন হৈ থকাৰ লগতে কম – বেছি পৰিমাণে বৰষুণ হৈ থাকিব। কেন্দ্ৰৰ তথ্য অনুসৰি সন্ধিয়া পৰ্যন্ত অসমৰ ভিতৰত কোকৰাঝাৰ জিলাত অভিলেখ পৰিমাণৰ ১৯০ মিলিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। ইফালে ভূটান সীমান্তবৰ্তী অঞ্চলসমূহত বিগত ২৪ ঘণ্টাত ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈ থকাত ভূটানৰ পৰা বৈ অহা মানাহ, বেকী আদি নৈৰ জলস্তৰ বৃদ্ধি পাইছে। আনকি দেওবাৰে সন্ধিয়া মানাহ নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয়। আনহাতে মৌচুমী বায়ুৰ প্ৰভাৱত ৰাজ্যৰ সকলো ঠাইতে বিগত প্ৰায় দুই সপ্তাহ ধৰি মাজে সময়ে বৰষুণ হৈ তাপমাত্ৰা স্বাভাৱিকতকৈ কিছু কমি গৈছে। ফলত ৰাইজে ৰাইজে গেলা গৰমৰ পৰা বহুখিনী সকাহ লাভ কৰিছে।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি অহা চাৰিদিনলৈ মেঘালয়, অৰুণাচল প্ৰদেশ, ভূটানৰ সীমান্তবৰ্তী কেতবোৰ ঠাইত গাঁজনী, ঢেৰেকনি, ব্ৰজপাতৰ সৈতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে আজিৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ কেইখনৰ সৰ্বোচ্চ তাপমাত্রা আছিল এনে ধৰণৰ – গুৱাহাটীত ২৮.০ ডিগ্ৰী চেলচিয়াছ, ডিব্ৰুগড়ত ৩১.০ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত ২৮.৬ ডিগ্ৰী চেলচিয়াছ , শিলচৰত ২৬.৪ ডিগ্ৰী চেলচিয়াছ, ধুবুৰীত ২৬.০ ডিগ্ৰী চেলচিয়াছ , যোৰহাটত ৩১.০ ডিগ্ৰী চেলচিয়াছ, উত্তৰ লখিমপুৰত ৩১.৪ ডিগ্রী চেলচিয়াছ। ইফালে মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ , মেঘালয় আৰু ভূটানত শনিবাৰৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱাত আৰু এই ধাৰা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আৰু যদি এটা সপ্তাহ পৰ্যন্ত অব্যাহত থাকে তেন্তে ৰাজ্যখন বানপানীৰ কবলত পৰাৰ পূৰ্ণ সম্ভাবনা আছে। আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ সম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সকলোকে সাজু হৈ থাকিবলৈ আহ্বান জনাইছে।