ৰাজস্থানৰ জালোৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।
স্কুলৰ পৰা ঘৰলৈ উভতি আহি থাকোতে দ্ৰুতবেগী ইন’ভা বাহনে ৫টা স্কুলীয়া শিশুক প্ৰচণ্ড জোৰত খুন্দা মাৰে।
খুন্দাত ৫টা শিশুৱে প্ৰাণ হেৰুৱায়। লগতে কেইবাটাও শিশু আহত হয়।
আহত শিশুকেইটাক হাস্পতালত ভৰ্তি কৰোৱা হয়।
এই দুৰ্ঘটনাটো জালোৰৰ ৰানীবাৰাত দাতাবাৰা গাঁৱৰ সমীপত সংঘটিত হয়।
দুৰ্ঘটনাটোৰ পিছতে অঞ্চলটোত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়। এই ঘটনাটোত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে শোকপ্ৰকাশ কৰে।
কৰৰা থানা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত শিশুকেইটাক হাস্পতাললৈ প্ৰেৰণ কৰে।
ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰিলে যে, শিশুকেইটাৰ মৃত্যু যথেষ্ট হৃদয়বিদাৰক আৰু দুৰ্ভাগ্যজনক।
ইফালে, লোকসভাৰ অধ্যক্ষ ওম বিৰলায়েও টুইট কৰি ঘটনাটোক লৈ শোকপ্ৰকাশ কৰে।
Photo Credit: naidunia