চৰ্চা চলিছিল যে ৰাজীৱ লোচন পেগুৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিব আৰু সৰ্বানন্দ সোণোৱালৰ দিল্লী গমনৰ পিছত উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মাজুলী বিধানসভা সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই চৰ্চা সত্য বুলি ইংগিত দি আজি মাজুলী জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে ৰাজীৱ লোচন পেগুৱে। শীঘ্ৰেই বিজেপিত যোদগান কৰাৰ ইংগিত পেগুৰ।