ৰাজ্যত দিনক দিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
ক’ৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱা পৰিপ্ৰেক্ষিতত বিহুৰ পিছত ৰমজানক লৈ ইছলামিক চেণ্টাৰ ফৰ ইণ্ডিয়াই নতুন গাইডলাইন জাৰি কৰিছে।
এইবাৰ ৰমজান মাহত সতৰ্কতাক তথা সুৰক্ষাৰ বাবে কিছু নিয়ম জাৰি কৰিছে।
জাৰি কৰা নতুন নীতি –নিৰ্দেশনা অনুসৰি এইবাৰ ৰমজানৰ সময়ত নামন পঢ়াই হওক বা ইফটাৰৰ সময়তে হওক, মছজিদত ১০০জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।
ক’ভিডৰ সকলো নিয়ম মানি চলিব লাগিব।
লগতে মছজিদৰ ভিতৰত মাস্ক আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।
নৈশ কাৰ্ফিউ বলৱৎ থকা ঠাইসমূহত কাৰ্ফিউৰ পূৰ্বে ঘৰলৈ উভতাৰ আহ্বান জনায়।
ইছাৰ পিছত তাৰাবিহ নামাজ পঢ়াৰ বাবে কৈছে।
তাৰাবিহৰো এটা আৰু আধা পৃষ্ঠা পঢ়াৰ আহ্বান ইছলামিক চেণ্টাৰ ফৰ ইণ্ডিয়াৰ ফালৰ পৰা।
আনহাতে ছেহেৰিৰ সময়ত লাউডস্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি জাৰি কৰিছি নিৰ্দেশনাত।
Photo: India TV