গুৱাহাটী মহানগৰীৰ কাষৰীয়া অসম – মেঘালয় সীমান্তবৰ্তী বৃহত্তৰ ৰাণী আৰু গড়ভঙা অঞ্চলত ৩১ মাৰ্চৰ দিনা সন্ধিয়াৰ প্ৰাক মুহূৰ্তত বিধ্বংসী ধুমুহাই চলোৱা ধ্বংসলীলাৰ ছবি এতিয়া লাহে লাহে পোহৰলৈ আহিবলৈ ধৰিছে। এই ধুমুহাৰ ফলত ৰাণীৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ নিলগৰ মেঘালয় সীমান্তবৰ্তী নাংটাৰীয়া প্ৰাথমিক বিদ্যালয়ৰ দুটা ঘৰ উৰুৱাই লৈ যায়। লগতে সাতোটা পৰিয়ালৰ ৭ টাকৈ পৰিয়ালৰ ঘৰ সম্পূৰ্ণ ধ্বংস হয়। ইফালে লখৰাৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ নিলগৰ বৃহত্তৰ গড়ভঙা অঞ্চলৰ জালুকপাহাম প্ৰাথমিক বিদ্যালয়খনৰ দুটা ঘৰ ধূমূহাই উৰুৱাই লৈ যায়। তাৰ ৪২ টা পৰিয়ালৰ ৭৭ টা ঘৰ সম্পূৰ্ণ ধ্বংস হোৱাত সিদিনাৰ পৰা তেওঁলোক মুকলি আকাশৰ তলত বাস কৰিবলগীয়া হৈছে। ওচৰতে থকা মাতাং গাঁৱৰ ২৪ টা পৰিয়ালৰ ৩৫ টা ঘৰ সম্পূৰ্ণ ধ্বংস হোৱাত তেওঁলোকো সিদিনাৰ পৰা গৃহহীন হৈ আছে। ৰাণী অঞ্চলৰ অসম – মেঘালয় সীমান্তবৰ্তী আৰু দাঁতি কাষৰীয়া ১০ খন গাঁৱৰ প্ৰায় ৩৫০ টা পৰিয়ালৰ প্ৰায় ৬০০ টা মান গৃহ কম – বেছি পৰিমাণে ধ্বংস হোৱাত আনৰ ঘৰত আশ্ৰয় লবলগীয়া হৈছে। ইতিমধ্যে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ধুমুহাই বিধ্বস্ত কৰা ৰাণী আৰু গড়ভঙা অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ বুজ লোৱাৰ লগতে পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ জৰিয়তে শীঘ্ৰে জৰীপ কৰি গৃহহীন হোৱা পৰিয়ালসমূহক সহায়ৰ হাত আগবঢ়াব বুলি ঘোষণা কৰে।
আনহাতে সিদিনাৰ ধুমুহাত বিভিন্ন কাৰণত কম- বেছি পৰিমাণে আহত হোৱা লোকসকলৰ বাবে মঙলবাৰে আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত আহত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়। উল্লেখ্য যে মেঘালয় সীমান্তবৰ্তী গড়ভঙা অঞ্চলত আছে ১৫ খনকৈ গাঁও। তাৰ ভিতৰত গড়ভঙা, নতুন গড়ভঙা, মাতাং, দুমোপাহাম, কণ্ঠমপাহাম , চাংমানগৰ, ডেকাপাহাৰ, নাংটাৰীয়া, জালুকপাহাম, উলুবাৰী, নুমলীপথাৰ (ৰংমালী), আদি গাঁৱৰ বাসিন্দা সকলৰ বেছিভাগেই কাৰ্বি সম্প্ৰদায়ৰ আৰু আৰ্থিক ভাৱে অতি দুৰ্বল। যাৰ বাবে চৰকাৰে যদি তেওঁলোকক গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতা নকৰে তেন্তে তেওঁলোক বহুদিনলৈ গৃহহীন হৈ মুকলি আকাশৰ তলত বাস কৰিবলগীয়া হোৱটো নিশ্চিত। একেদৰে দুখনকৈ প্ৰাথমিক বিদ্যালয় যদি শীঘ্ৰেই মেৰামতি বা নতুনকৈ নিৰ্মাণ কৰা নহয় তেন্তে শিক্ষাৰ পৰাও বঞ্চিত হব তাৰ শতাধিক শিশু। যাৰ বাবে সচেতন লোকসকলে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।
লক্ষণীয় ভাবে সিদিনাৰ ধুমুহাৰ ফলত গড়ভঙাৰ গাতে লগা মেঘালয়ৰ ৰি – ভয় জিলাৰ তথা জিৰাং সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহতো ব্যাপক ক্ষতিসাধন হয়। কিন্তু পুৱাই ৰি – ভয় জিলাৰ উপায়ুক্তজনৰ নেতৃত্বত জিলা সদৰ নংপোৰ কেইবাটাও বিভাগৰ বিষয়া – কৰ্মচাৰীৰ দল নামি পৰে দুৰ্গত লোকসকলক সহায় কৰিবলৈ। আনকি অসমৰ বাসিন্দা সকলকো মেঘালয়ত অন্তৰ্ভুক্তিকৰণৰে সহায়ৰ হাত আগবঢ়াব বুলি টোপ দিয়া বুলিও জানিব পৰা গৈছে। আনহাতে সিদিনাৰ বিধ্বংসী ধুমুহাত বৃহত্তৰ ৰাণী অঞ্চলৰ মেঘালয় সীমান্তবৰ্তী মৈৰাপুৰ, পুৰাণ শুকুৰবৰীয়া, বেলগুৰী, নালাপাৰা, গণপতি, পাটগাঁও, জয়পুৰ আদি গাঁৱৰ বহু ঠাইত ঘৰ-বাৰী ভাঙি পৰাৰ লগতে গছ-গছনি উভালি পৰিছিল।