মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুজনাৰ সৃষ্টিৰাজিক বিকৃত উপস্থানেৰে খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা ৰঞ্জন চুতীয়াক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ মৰাণৰ দোমৰদলং স্থিত জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনত গুৰু দুজনাৰ অনবদ্য অৱদান বাদ্য, গীত-পদ,ঘোষা,সুৰ বিকৃত কৰি খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰাক লৈ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইয়াৰ পিছতে এই ভিডিঅ’ই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
ৰঞ্জন চুতীয়াৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোচৰ ৰুজু হৈছিল। সেই গোচৰৰ ভিত্তিতে আজি ডিব্ৰুগড় সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আনহাতে আটকাধীন ৰঞ্জন চুতীয়াৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত তেখেতক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ কভিড কেয়াৰত ভৰ্তি কৰা হৈছিল।