CBIৰ প্ৰাক্তন নিৰ্দেশক ৰঞ্জিত সিনহাই দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে।
ANIৰ অনুসৰি, শুকুৰবাৰে পুৱা ৪.৩০ বজাত তেওঁ শেষ উশাহ লয়।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ।
নিজৰ কেৰিয়াৰত সিনহাই CBI নিৰ্দেশক, ITBP ডিজিৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল।
১৯৭৪ বেচৰ ৰঞ্জিত সিং IPS বিষয়া আছিল। CBIৰ মহানিৰ্দেশকৰ পদৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ ভাৰত-তিব্বত সীমা আৰক্ষী (ITBP)ৰ নিৰ্দেশক পদত আছিল।
Ranjit Sinha's #COVID19 report had come yesterday, he had tested positive for the disease.
— ANI (@ANI) April 16, 2021
ৰঞ্জিত সিনহাৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ অভিযোগো উত্থাপন হৈছিল।
CBI-এ তেওঁৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ ঘটনা সন্দৰ্ভত গোচৰো ৰুজু কৰিছিল।
ৰঞ্জিত সিনহাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে, তেওঁ CBI চীফৰ পদৰ দায়িত্ব গ্ৰহণ কৰি থকাৰ সময়ত কয়লা আবণ্টন কেলেংকাৰীৰ তদন্তত প্ৰভাৱ পেলাবলৈ চেষ্টা চলাইছিল।
Photo Credit: Google