মৰিগাওঁ – ভূৰাগাঁৱৰ শিশু ধৰ্ষণ তথা হত্যাকাণ্ডৰ তদন্ত অব্যাহত আছে৷ ভূৰাগাঁৱৰ এগৰাকী ৯বছৰীয়া কণমানিক নৃশংস ভাৱে ধৰ্ষণ কৰি হত্যা কৰা চৈয়দ আলী ওৰফে ‘পাঠা”ক কালি পুৱতি নিশা ঘটনাস্থলীলৈ লৈ গৈছিল আৰক্ষীয়ে৷
ইতিমধ্যে আৰক্ষীৰ ওচৰত গুলীবিদ্ধ ‘পাঠা’ই সমগ্ৰ জঘন্য কাণ্ডৰ বৰ্ণনা দিছে। পুৱা ৫ বজাতে চৰাই পোৱালিক খুৱাবলৈ জামু বুটলিবলৈ গৈছিল কণমানি গৰাকী।ইয়াৰ পাছতেই মৰাপাটৰ খেতিৰ মাজত ‘পাঠা’ই এই জঘন্য কাণ্ড সংঘটিত কৰিছিল। নৃশংস ভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কণমানিজনীক। হত্যাৰ পাছতো মৃতদেহৰ ওপৰত যৌন উৎপীড়ন কৰা হৈছিল।
উল্লেখযোগ্য যে, মৰিগাঁও আৰক্ষীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰা ৬৫ বছৰীয়া ছৈয়দ আলীক গ্ৰেপ্তাৰ কৰিছিল আৰু কিছুদিন পূৰ্বে ‘পাঠা’ক ভৰিত গুলীয়াইছিল আৰক্ষীয়ে৷ আৰক্ষীয়ে তদন্তৰ বাবে কণমানিগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ লৈ যোৱাৰ সময়ত ‘পঠা’ই আৰক্ষীৰ জিন্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই গুলীচালনা কৰিছিল আৰক্ষীয়ে।