পাৰ্টীতে হওক বা অন্য কোনো স্থানতে হওক আপোনালোকে প্ৰায়ে দেখিছে যে, সুৰাপান কৰাৰ পিছত কিছুমান লোকে হঠাতে ইংৰাজীত কথা ক’বলৈ আৰম্ভ কৰে।
সেইসকল লোকৰ আহি যায় আত্মবিশ্বাস আৰু নিৰ্ভয়ে ইংৰাজী ক’বলৈ আৰম্ভ কৰি দিয়ে।
তাৰ পিছত প্ৰতিটো প্ৰশ্নৰ উত্তৰো ইংৰাজীতে দিবলৈ ইচ্ছাপ্ৰকাশ কৰে।
কেতিয়াবা এই কথাটো ভাবিছেনে আচলতে কিয় এনেকুৱা হয়? আহক জানো।
দৰাচলতে সুৰাপান কৰা লোকসকলৰ এই কাণ্ডৰ আঁৰত আছে বৈজ্ঞানিক কাৰণ(Scientific Reason)। এটা ৰিছাৰ্চত এই প্ৰশ্নৰ উত্তৰ পোৱা গৈছে।
নিচাত বাঢ়ি যায় আত্মবিশ্বাস
ছাইঞ্চ মেগাজিন Journal Of Psychopharmacologyত প্ৰকাশিত এক গৱেষণা অনুসৰি,
সুৰাৰ ১-২ পেগ লোৱাৰ পিছত কিছুমান লোকৰ Nervousness শেষ হৈ যায়।
তেওঁলোকৰ আত্মবিশ্বাসৰ বিকাশ ঘটি অন্য ভাষাত কথা ক’বলৈ আৰম্ভ কৰে, যিটো ভাষা তেওঁলোকে সাধাৰণ সময়ত ক’বলৈ দ্বিধাবোধ কৰে।
যদি ভাৰতৰ কথা কও তেন্তে সুৰাপান কৰাৰ পিছত কিছুমান লোকে অনৰ্গল ইংৰাজীত কথা ক’বলৈ আৰম্ভ কৰে।
সলনি হয় ব্যক্তিত্ব
এই গৱেষণা অনুসৰি, সুৰাপান কৰাৰ পিছত লোকৰ স্মৃতি আৰু ঘন শক্তি(Concentration Power)ত প্ৰভাৱ পৰে।
সেই সময়ছোৱাতে কিছুমান লোকৰ ব্যক্তিত্ব সলনি হয় আৰু তেওঁলোকৰ আত্মবিশ্বাস বুষ্ট হৈ যায়।
এনেকুৱা হ’লে তেওঁলোকে সেইসমূহ বস্তুত গুৰুত্ব দিবলৈ আৰম্ভ কৰে,
যিসমূহ কাৰ্য সাধাৰণ অৱস্থাত কৰিবলৈ দ্বিধাবোধ কৰে।
অন্য ভাষা কোৱাৰ লগতে সুৰাপান কৰাৰ পিছত আৰু কিছুমান কাৰ্য কৰিবলৈ আৰম্ভ কৰে।
যিসকল লোকে সাধাৰণ সময়ত নৃত্য বা গান গাবলৈ দ্বিধাবোধ কৰে,
তেওঁলোকে সুৰাপান কৰি আত্মবিশ্বাসত আহি মন খুলি নৃত্য কৰে।
এনেধৰণৰ লোকে জীৱনটো আনন্দৰে কটাব বিচাৰে।
যদি আপুনি কোনো লোকক সুৰাপান কৰাৰ পিছত ইংৰাজী কথা কোৱা বা অন্য এনেধৰণৰ কাৰ্য কৰি থকা দেখা পাই তেন্তে তেওঁলোকক হাঁহিয়াতৰ পাত্ৰ কৰাৰ বিপৰীতে Psychological Reasonটো কি সেইটো বুজিবলৈ চেষ্টা কৰক।
Photo: Google