অভিলেখ! সৰ্বকালৰ সৰ্বাধিক ৪৭০ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ ২০২৩-২৪ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে সৰ্বকালৰ সৰ্বাধিক ৪৭০কোটিৰো অধিক টকাৰ যান-বাহনৰ ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰে ৷ কাৰ্যালয়টোৱে যোৱা ২০২২-২৩ বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল ৩৬৪, ৯৪, ৫০,৮৬৯টকা। ইয়াৰ বিপৰীতে কাৰ্যালয়টোৱে এইবাৰ ৰাজ্যৰ ৰাজকোষলৈ পূৰ্বতকৈ ১০৬কোটিৰ অধিক অৰ্থাৎ ৪৭০কোটি ১০লাখ ৬ হাজাৰ ৪৩ (৪৭০,১০,০৬,০৪৩) টকাৰ ৰাজহৰ উল্লেখনীয় বৰঙনি আগবঢ়াবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত কাৰ্যালয় টোৱে বিগত বৰ্ষসমূহত ৰাজহ সংগ্ৰহত সৃষ্টি কৰা অভিলেখ চলিত বৰ্ষতো অব্যাহত থকা, বৰঞ্চ এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰি সৰ্বাধিক ৰাজহ সংগ্ৰহেৰে নজিৰ সৃষ্টি কৰা কাৰ্যত কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীসকল স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে আৰু বিষয়া গৰাকীক উষ্ম অভিনন্দন জনায়। চলিত বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত দেখুওৱা বিৰল আৰু অনুকৰণীয় দৃষ্টান্তৰ বাবে উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াগৰাকীয়ে জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শকৰ দলে অবিৰতভাৱে যান-বাহনত চলোৱা তালাচী অভিযান আৰু সজাগতামূলক কাৰ্যসূচী অন্যতম উল্লেখনীয় দিশ বুলি মন্তব্য কৰে।
বিশেষকৈ সময়মতে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ আৰু নথিপত্ৰ নৱীকৰণৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতা সন্দৰ্ভত বাহনৰ গৰাকীক প্ৰায় নিয়মীয়াকৈ সজাগ-সচেতন কৰি অহা সংবাদ মাধ্যমক উপ-পৰিবহণ আয়ুক্ত গৰাকীয়ে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। যোৱা দিনবিলাকত পৰিবহণ বিভাগে জনোৱা আহ্বানলৈ বাহনৰ গৰাকীসকলে আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱাৰ বাবেই কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ সৃষ্টিৰ ধাৰা দোপতদোপে অব্যাহত ৰাখিবলৈ সক্ষম হোৱা বুলিও তেওঁ কয়। এই আপাহতে উপ পৰিবহণ আয়ুক্ত গৰাকীয়ে সাম্প্ৰতিক সময়ত সকলোৰে বাবে প্ৰত্যাহ্বানস্বৰূপ হৈ পৰা পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত সকলোকে যানবাহন চালনাৰ নীতিনিয়ম মানি চলি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সবিনয়ে আহ্বান জনায় ৷