চানমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। এতিয়ালৈকে বিক্ৰী হৈছে প্ৰায় ১ কোটি টকাৰ গ্ৰন্থ। প্ৰথম দিনা বিক্ৰী হৈছে ১৫ লাখ টকাৰ গ্ৰন্থ। দ্বিতীয় দিনা বিক্ৰী হৈছে ২৫ লাখ টকাৰ গ্ৰন্থ। তৃতীয় দিনা গ্ৰন্থমেলাত বিক্ৰী হৈছে ২০ লাখ টকাৰ গ্ৰন্থ আৰু বছৰটোৰ প্ৰথমটো দিনত বিক্ৰী হৈছে অভিলেখ সংখ্যক ৪০ লাখ টকাৰ গ্ৰন্থ। ইয়াৰোপৰি, উদ্যোক্তা অসম প্ৰকাশক পৰিষদৰ বিপণিত বিক্ৰী হৈছে চাৰিটা দিনত ৪ লাখ টকাৰ গ্ৰন্থ।
অসম গ্ৰন্থমেলাত কেইবাখনো কিতাপে লাভ কৰিছে পাঠকৰ বিপুল সমাদৰ। তাৰে ভিতৰত এইবাৰ সাহিত্য অকাডেমী বঁটা লাভ কৰা অনুৰাধা শৰ্মা পূজাৰীৰ ‘ইয়াত এখন অৰণ্য আছিল’ উপন্যাসখন বিচাৰি বিপণীয়ে বিপণীয়ে ভিৰ কৰিছে পাঠকে। মাত্ৰ চাৰিটা দিনতে গ্ৰন্থমেলাৰ প্ৰায়ভাগ বিপণীতে নাইকিয়া হৈছে গ্ৰন্থখন। অনুৰাধা শৰ্মা পূজাৰীৰ আন এখন গ্ৰন্থ ‘মেৰেং, ৰত্নোত্তমা দাস বিক্ৰমৰ অৰ্বাচীন, বৈদুৰ্য বৰুৱাৰ গ্ৰন্থ আকৌ চেণ্টু দা আৰু নৱতম লেখক ইন্দ্ৰনী শৰ্মাৰ ‘আবিৰ’ নামৰ গ্ৰন্থখনকেইখনৰ বৃদ্ধি হৈছে চাহিদা।
উল্লেখ্য যে, এই পাঁচটা দিনত বিভিন্ন লেখকৰ ১৫০ খনৰো অধিক গ্ৰন্থ উন্মোচন হৈছে।