‘জনপ্ৰতিনিধি এজনে ফোন কৰিলে ফোন ৰেকৰ্ডিং কৰিব নাপায়। ফোন ৰেকৰ্ডিং কৰাটো অনৈতিক কাম।’ – বিধায়ক অমিয় কুমাৰ ভূঞা আৰু আৰক্ষী বিষয়াৰ ফোন ৰেকৰ্ডিং সন্দৰ্ভত এইদৰেই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
সোমবাৰে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অমিয় ভূঞা আৰু আৰক্ষী বিষয়াৰ মাজৰ ভাইৰেল হৈ পৰা ফোন ৰেকৰ্ডিং সন্দৰ্ভত কয়, ‘চৰকাৰী বিষয়াই ফোন ৰেকৰ্ডিং কৰিছে আৰু সাংবাদিকক দি দিছে এইয়া ঠিক ব্যৱস্থা নহয়। তেনেকুৱা হ’লে ময়ো কাকো ফোন কৰিব নোৱাৰিম, কোনেও কাকো ফোন কৰিব নাৱোৰিব’। ইয়াৰোপৰি তেওঁ কয়, মই ভাবোঁ যে ফোন ৰেকৰ্ডিংৰ অশুভ পৰম্পৰাটো আৰম্ভ হ’ব নালাগে।
আনহাতে বিধায়ক অমিয় ভূঞাই যিবোৰ কথা কৈছে বা তেওঁৰ নামত আমি যিবোৰ কথা শুনিছো এইখিনি আমাৰ দলে বিবেচনাৰ ভিতৰত লৈছে। আৰু আমাৰ দলে অমিয় ভূঞাক যি পৰামৰ্শ দিব লাগে বা জনপ্ৰিতিনিধিৰ দায়িত্ব আৰু মানদণ্ডৰ বিষয়ত যিখিনি ক’ব লাগে সেইখিনি দলৰ ফালৰ পৰা নিশ্চয় কোৱা হ’ব। আনহাতে এই প্ৰসংগত দৃষ্টি দিবলৈ জিলা উপায়ুক্তকো মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে বুলি উল্লেখ কৰি কয় যে, ফোন ৰেকৰ্ডিং কৰাটো ভাৰতীয় সংবিধানৰ বিৰোধী। কিবা ঘটনা পোহৰলৈ আহিলেও, নাহিলেও সংবিধান আৰু আইনে ফোন ৰেকৰ্ডিং কৰিবলৈ অনুমতি নিদিয়ে।