অসমত ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১৯ এপ্ৰিল আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত ১০ টা সমষ্টিৰ নিৰ্বাচন সামগ্ৰিকভাবে ফৰকাল বতৰত অনুষ্ঠিত হোৱাৰ পাছত আজি তৃতীয় পৰ্যায়ত বাকী থকা চাৰিটা সমষ্টিত নিৰ্বাচনত ধুমুহা, বৰষুণ আহিব পাৰে বুলি আশঙ্কা ব্যক্ত কৰিছে বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। নিৰ্বাচন অনুষ্ঠিত হবলগীয়া চাৰিটা সমষ্টি ক্ৰমে – গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৰবিবাৰে সন্ধিয়া বৰষুণৰ মাজতেই সামৰণি পৰিছিল।
আজি অনুষ্ঠিত হৈ থকা চাৰিটা সমষ্টিৰ নিৰ্বাচনৰ দিনা বৰষুণ হব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আনকি ঠাই বিশেষে শিলাবৃষ্টি, ধুমুহাই নিৰ্বাচনৰ দিনা বিঘিনি ঘটোৱাৰ আশংকা ঘনীভূত হৈছে। কিয়নো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক পাঁচদিনত উত্তৰ পূৰ্বাঞ্চলৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমৰ বিভিন্ন ঠাইত গাজনী, ঢেৰেকনী, ধুমুহা, শিলাবৃষ্টিসহ মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আশংকা যদি বাস্তৱত পৰিণত হয় তেন্তে বতৰে আজি নিৰ্বাচনৰ দিনা বিঘিনি ঘটোৱাটো নিশ্চিত। উল্লেখ্য যে অসমীয়া পৰম্পৰা অনুসৰি বহাগ বিহুৰ সময়ত বৰদৈচিলা মাকৰ ঘৰলৈ যায়। যিটোক বতৰ বিজ্ঞানৰ ভাষাত ধুমুহা বতাহ আহে বুলি কোৱা হয়। এইবেলি বহাগ মাহৰ ২৪ টা দিন পাৰ হোৱাৰ পাছতো যেন বৰদৈচিলা মাকৰ ঘৰলৈ যোৱা পৰ্ব শেষ হোৱা নাই। যাৰ বাবে বহাগ বিহুৰ আগে – পাছে অহা ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত ঘৰ- দুৱাৰ ভাগি ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে।
আনহাতে বিগত ৪৮ ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাজনী, ঢেৰেকনী , শিলাবৃষ্টি , বৰষুণৰ সৈতে ধুমুহা বতাহ আহিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বহু অঞ্চলত কম বেছি পৰিমাণে আৰু কিছু অঞ্চলত মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে। বিগত ২৪ ঘণ্টাত গুৱাহাটীৰ হোৱা বৰষুণৰ পৰিমাণ আছিল ৪.৩ চেণ্টিমিটাৰ। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক পাঁচটা দিনত ৰাজ্যৰ বেচিভাগ অঞ্চলতে আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ অঞ্চলতে কম-বেছি পৰিমাণে আৰু কিছু কিছু ভিতৰুৱা বা সীমান্তবৰ্তী অঞ্চলসমূহত গাজনী, ঢেৰেকনী , শিলাবৃষ্টিৰ সৈতে বৰষূণ অহাৰ লগতে প্ৰতি ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত ধুমুহা বতাহ আহিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে।
আনকি একে সময়তে ঠাইবিশেষে বজ্ৰপাত পৰিব পাৰে বুলিও সতৰ্কতা জাৰি কৰিছে। অঞ্চলত ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত ধুমুহা বতাহ আহিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে আকাশ ডাৱৰীয়া হৈ মাজে মাজে বৰষূণ আহি থকা বাবে সোমবাৰৰ দিনটোত মেঘালয়ৰ ৰাজধানী শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা অসমৰ যোৰহাট, ডিব্ৰুগড, তেজপুৰ আৰু উত্তৰ লখিমপুৰ আৰু তেজপুৰ চহৰৰ প্ৰায় সমান হয়। চাৰিওখন চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২২ ৰ পৰা ২৩ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত । শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২২ ডিগ্ৰী চেলচিয়াছ। বৰষুণ আহি থকা বাবে তাপমাত্ৰা নিম্নগামী হোৱাত ৰাইজে গৰমৰ সলনি ওলোটাই শীত অনুভৱ কৰিব লগা হৈছে।