চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতে ‘কৃতজ্ঞতা’ পৰ্টেলত আবেদন কৰি যথা সময়ত লাভ কৰিব পাৰিব পেঞ্চন। শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ ছাত্ৰীবাৰীত থকা জিলা প্ৰাথমিক শিক্ষাৰ কাৰ্যায়লত আনুষ্ঠানিকভাৱে পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
Happy to inaugurate Pension Seva Kendra (PSK) of Kamrup (M) set up by AMTRON at DEEO office, Guwahati to ease hardships of pensioners
AMTRON has set up PSKs in 27 dists to facilitate scanning/uploading of Service Books & submission of pension proposals through Kritagyata Portal pic.twitter.com/0IlI3yPPLd
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 29, 2022
উল্লেখ্য যে, জিলায়ে জিলায়ে মুকলি হ’ল ২৭ টা পেঞ্চন সেৱা কেন্দ্ৰ। অসম চৰকাৰৰ উদ্যোগত এমট্ৰনে মুকলি কৰা সেৱা কেন্দ্ৰ সমূহত পেঞ্চন সেৱা কেন্দ্ৰত চাৰ্ভিছ বুক স্কেনিং কৰি কৃতজ্ঞতা পৰ্টেলত আবেদন কৰিলেই সময়ত লাভ কৰিব পেঞ্চন। বিশেষকৈ শিক্ষকসকলে বিভাগীয় কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি নুফুৰাকৈয়ে পেঞ্চন সঞ্চালকালয়লৈ পঠিয়াব পাৰিব আবেদন পত্ৰ।
পেঞ্চন সেৱা কেন্দ্ৰত চাৰ্ভিছ বুক স্কেনিং কৰি সেৱা কেন্দ্ৰৰ জৰিয়তে পেঞ্চন সঞ্চালকালয়লৈ পঠিয়াই দিয়া হ’ব আৰু লগতে নিজৰ PPO খনো পেঞ্চন সেৱা কেন্দ্ৰৰ জৰিয়তে লাভ কৰিব পাৰিব আবেদনকাৰীয়ে। শুকুৰবাৰে কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ২৭ টা কেন্দ্ৰ মুকলি কৰা হৈছে। কিন্তু প্ৰত্যেক জিলাতেই কেন্দ্ৰ স্থাপন কৰি মুঠ ৩৫ টা কেন্দ্ৰ মুকলি কৰিবলৈ পেঞ্চন সঞ্চালকালয়ক মুখ্যমন্ত্ৰীৰ আহ্বান।
তদুপৰি এতিয়াৰে পৰা পেঞ্চন সেৱা কেন্দ্ৰতে জীৱন প্ৰমাণ দিব পাৰিব পেঞ্চনাৰ সকলে। বেংকলৈ নোযোৱাকৈয়ে জীৱন প্ৰমাণ পত্ৰ দিয়াৰো সুবিধা থাকিব সেৱা কেন্দ্ৰত।