দীপৰ বিলৰ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ বিৰুদ্ধে চলাই অহা আন্দোলনৰ অন্যতম গুৰি ধৰোতা মাণিক চন্দ্ৰ ভাগৱতীৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি ২১ জানুৱাৰীত দীপৰ বিলৰ পাৰত বন বিভাগৰ পক্ষী নিৰীক্ষণ চৌহদত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সভাপতি তৰুণ বৰগোহাঁয়ে আৰু আঁত ধৰে সম্পাদক তৰুণ চন্দ্ৰ তালুকদাৰে।
সভাৰ আৰম্ভণিতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা আৰু চাকি-ধুপ-পুষ্পৰে স্মৃতি তৰ্পণ কৰা হয়। সভাত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, সম্পাদক প্ৰমোদ কলিতা, সহকাৰী সম্পাদক সুশীল টেৰণ, সমাজসেৱক ভূমিধৰ দাস, উৎপল কুমাৰ দাসকে ধৰি কেবাজনেও প্রয়াত মাণিক চন্দ্ৰ ভাগৱতীৰ চেষ্টাত গঢ় লৈ উঠা ‘ডাম্পিং গ্রাউণ্ড বিৰোধী আন্দোলন’ তীব্ৰতৰ কৰাৰ পোষকতা কৰাৰ লগতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নীতি উলংঘা কৰি স্থাপন কৰা পশ্চিম বৰাগাঁৱৰ বেলতলৰ ডাম্পিং গ্রাউণ্ড বন্ধ কৰাৰ লগতে দীপৰ বিল ৰক্ষা কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। সভাতে মাণিক চন্দ্ৰ ভাগৱতীৰ সহধৰ্মিনী বুলু ভাগৱতীৰ সম্পাদনাত প্ৰকাশ কৰা ‘অসমৰ বিহু সংস্কৃতি আৰু সমাজ’ নামৰ গ্ৰন্থখন বিতৰণ কৰা হয়৷ বুলু ভাগৱতীয়ে দীপৰ বিলত প্ৰদূষিত পানীয়ে সৃষ্টি কৰা ভয়াৱহতাৰ ওপৰত ৰচনা কৰা এটা কবিতা পাঠ কৰি উপস্থিত শতাধিক লোকক আপ্লুত কৰে।