এতিয়াৰে পৰা সাধাৰণ জনতাই ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন বিভাগত হৈ থকা যিকোনো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে পোনপটীয়াকৈ হোৱাটচএপৰ জৰিয়তে মন্ত্ৰী যোগেন মহনক অভিযোগ দিব পাৰিব।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে +৯১৯৩৯৪৯৩৯০৫৫ নম্বৰত হোৱাটচএপ কৰি দুৰ্নীতিৰ যিকোনো অভিযোগ তথা পৰামৰ্শ দিবলৈ আহ্বান জনায়।তেওঁলৈ পঠোৱা প্ৰতিটো মেছেজ নিজেই নিৰীক্ষণ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।