দেশৰ আন বিমানবন্দৰৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ উদ্যোগত ২৬ জানুৱাৰীত বিমানবন্দৰৰ বাকৰিত গণৰাজ্য দিৱস পালন কৰা হয়। পূৱা বিমানবন্দৰৰ বিভিন্ন বিভাগ আৰু বিমান সেৱা প্ৰদানকাৰী কোম্পানী সমূহৰ বিষয়া – কৰ্মচাৰী , অভিযন্তা আৰু বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী ( চি আই এছ এফ ) ৰ বিষয়া – জোৱানৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। অনুষ্ঠানত চি আই এছ এফৰ কমাডেণ্ট লালমোহন ঠাকুৰকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত আছিল।
আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কেবাজনো শিল্পীয়ে দেশপ্ৰেমমূলক সংগীত, নৃত্য পৰিৱেশন কৰে। তেনেদৰে চি আই এছ এফৰ জোৱান সকলে বিভিন্ন আখৰা প্ৰদৰ্শন কৰে। আখৰাত চি আই এছ এফৰ জোৱান সকলে বিমানবান্দৰ চৌহদত হঠাৎ কিবা জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হলে তাক নিৰাময় কৰা, শত্ৰুই বিমানবন্দৰত হঠাৎ আক্ৰমণ কৰিলে শত্ৰুক কিদৰে ধৰাশায়ী কৰি যাত্ৰী বা বিমানকৰ্মীক সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰিব পাৰি তাৰ মকদ্রিল প্ৰদৰ্শন কৰা হয়।