বৃহস্পতিবাৰে ধুবুৰীত সংঘটিত হোৱা এক ভয়ংকৰ নাও দুৰ্ঘটনাত ধুবুৰীৰ চক্ৰ বিষয়া নিখোজ হৈছিল ব্ৰহ্মপুত্ৰত। কালি চক্ৰ বিষয়াজনৰ সন্ধানত অভিযান চলোৱা হৈছিল যদিও কোনো শুংসূত্ৰ লাভ কৰিব পৰা নগ’ল। আজি পুৱা পুনৰ NDRF আৰু SDRFৰ দলে আৰম্ভ কৰে অভিযান। দলটোৱে ধুবুৰীৰ আয়ৰণ জংলা দ্বিতীয় খণ্ড অঞ্চলৰ সমীপৰ বৰ লুইতত ড্ৰোণেৰে আৰম্ভ কৰিছে অভিযান।
ধুবুৰী উপায়ুক্তই জানিবলৈ দিয়া মতে, ইতিমধ্যে এই অভিযানৰ বিষয়ে বাংলাদেশ চৰকাৰৰ লগতো যোগাযোগ কৰি থকা হৈছে। কাৰণ দুৰ্ঘটনাৰ স্থানৰ পৰা বাংলাদেশ সীমান্তৰ দূৰত্ব প্ৰায় পাঁচ কিলোমিটাৰ। আনহাতে, ধুবুৰীৰ দুৰ্ঘটনাস্থলীত আজি ৰাণা গোস্বামী আৰু ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত কংগ্ৰেছৰ এটি সঁজাতী দল উপস্থিত হয়। পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উদ্ধাৰ অভিযানৰ খবৰ লয় দলটোৱে।