বিধ্বংসী সামুদ্ৰিক ধুমুহা ৰিমালৰ প্ৰভাৱত উত্তৰ পূবৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমতো বিভিন্ন প্ৰান্তত স্বাভাবিকতকৈ অধিক পৰিমাণৰ বৰষুণ হোৱাত বহু ঠাইত বানপানী হৈছে। আনকি বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। যাৰ বাবে ৰাজ্য চৰকাৰৰ অনুৰোধত তাত বানাক্রান্ত লোকক উদ্ধাৰ আৰু সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত অসামৰিক আৰু জিলা প্ৰশাসনক সহায কৰিবলৈ শনিবাৰে গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ এটা উচ্চ প্ৰশিক্ষিত দল বিশেষ বিমানৰে শিলচৰলৈ ৰাওনা হৈছে।
গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম এন ডি আৰ এফৰ কমাডেণ্ট এইচ পি এছ কাণ্ডাৰীৰ তত্বাবধানত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা শিলচৰ বিমান বন্দৰলৈ পুৱাৰ ভাগত উদ্ধাৰ আৰু সাহায্য কাৰ্যত ব্যৱহৃত সামগ্ৰীসহ ৰাওনা হোৱা দলটোৱে ইতিমধ্যে শনিবাৰে দুপৰীয়াৰ পৰা বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্ত লোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনক সহায় কৰি আছে। উল্লেখ্য যে ২৮ মেৰ পৰা প্ৰথম এন ডি আৰ এফৰ এটা দলে মিজোৰামত ভূমিস্খলনত আবদ্ধ হৈ পৰা লোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসামৰিক প্ৰশাসনক সহায় কৰি আছে।