শুকুৰবাৰে মহানগৰীত সংঘটিত হয় এক অপৰিকল্পনীয় পৰিস্থিতি। ফাকুৱাৰ দিনাই পাণবজাৰত আৰক্ষী আৰু এগৰাকী বাইক আৰোহীৰ মাজত হতাহতিৰ সৃষ্টি হয়। এগৰাকী বাইক আৰোহীক প্ৰহাৰ কৰে কৰ্তব্যৰত এগৰাকী আৰক্ষী কনিষ্টবলে। ইয়াৰ লগে লগে বাইক আৰোহীজনেও আৰক্ষীৰ লোকজনক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰে।
উল্লেখ্য যে, বাইকখনত এগৰাকী মহিলা আৰু এটি কণমানি শিশুও আছিল । আৰক্ষী আৰু আৰোহীজনৰ প্ৰথম অৱস্থাত তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল যদিও পিছলৈ মাৰপিটৰ ৰূপ লয়। দুয়োগৰাকীৰ হতাহতিত বাইকৰ পৰা পৰি যায় কণমানি শিশুটিৰ লগতে বাইকখনত থকা মহিলাগৰাকী।
বাইক আৰোহীজনক প্ৰহাৰ কৰা আৰক্ষীৰ লোকজনৰ নাম ফকৰুদ্দিন আহমেদ বুলি জানিব পৰা গৈছে। ইতিমধ্যে, পাণবজাৰৰ যান-বাহন আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদৰ শেহতীয়াকৈ ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে।