চিৰাং জিলাৰ সাংবাদিক জয়ন্ত দেৱনাথক আৰক্ষীয়ে কৰা আক্ৰমণ আৰু দুৰ্ব্যৱহাৰক গৰিহণা দিছে বিভিন্ন দল সংগঠনে। এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে জাফা, নেমছু আদিয়ে।
উল্লেখ্য যে, হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱাৰ বাবে চিৰাঙৰ প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথে কনিষ্টবল প্ৰদীপ সাহাক প্ৰশ্ন কৰাৰ বাবেই সাংবাদিকগৰাকীক ৰাজহুৱা স্থানতে প্ৰহাৰ কৰে। এই ঘটনাই সমগ্ৰ জিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উক্ত ঘটনাৰ অতি শীঘ্ৰেই তদন্ত বিচাৰিছে অসমৰ আইন শৃংখলাৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে। উল্লেখ্য যে, ইতিমধ্যে অভিযুক্ত কনিষ্টবল গৰাকীৰ লগতে ঘটনাৰ সৈতে জড়িত আন এগৰাকী কনিষ্টবলৰো ৰিজাৰ্ভ ক্ল’জ কৰিছে চিৰাং আৰক্ষী অধীক্ষকে।