মহানগৰীৰ ডাউন টাউনৰ উদেষ্ণাৰ সমীপত আজি ‘হেৰিটেজ কিটচেন’ শীৰ্ষক এখন থলুৱা আৰু উন্নত মানৰ খাদ্য সামগ্ৰীৰ ৰেষ্টুৰেন্ট মুকলি কৰা হয়। উদেষ্ণা বিল্ডিঙৰ সমীপৰ এই ৰেষ্টুৰেন্টখন মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই।
ৰেষ্টুৰেন্টখন মুকলি কৰি অভিনেত্ৰী গৰাকীয়ে সন্তোষ প্ৰকাশ কৰি কয়” এই ৰেষ্টুৰেন্টৰ জৰিয়তে সত্বাধিকাৰী ৰাজু খনিকৰে গ্ৰাহকৰ জুতি অনুসৰি উন্নত মানৰ খাদ্য যোগানৰ মন মেলিছে। নিশ্চিত ভাৱে তেঁও গ্ৰাহকে বিচৰা অনুসৰি খাদ্য যোগান ধৰিবলৈ সক্ষম হ’ব।
অতি কম মূল্যত এই ৰেষ্টুৰেন্টত হাঁহ,পাৰ, কুকুৰা আৰু গাহৰিৰে প্ৰস্তুত কৰা ব্যঞ্জনৰ ওপৰি থলুৱা মাছ, টোপোলা ভাত,বইল গাহৰি আদি উপলব্ধ হ’ব। তদুপৰি জনজাতীয় খাদ্য এই ৰেষ্টুৰেন্টত উপলব্ধ হব। পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ ৰেষ্টুৰেন্টখন গ্ৰাহকৰ বাবে মুকলি থাকিব বুলি সত্বাধিকাৰী খনিকৰে জানিবলৈ দিছে।