কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা অসামৰিক প্ৰতিৰক্ষাৰ জিলা নিয়ন্ত্রকে এক নির্দেশযোগে ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত পেন্সন সঞ্চালক আৰু এক নম্বৰ ডিভিজনৰ ডেপুটী ডিভিজনেল ৱাৰ্ডেন হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা নিমাই চন্দ্ৰ দাসক কামৰূপ মহানগৰ জিলাৰ বাবে অসামৰিক প্ৰতিৰক্ষাৰ চীফ ৱাৰ্ডেন হিচাপে নিযুক্তি দিছে।
জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতি, পাণ্ডু গাওঁৰক্ষী বাহিনী গঠন কৰাকে ধৰি ঐতিহাসিক পাণ্ডুনাথ দেৱালয়ৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি থকা নিমাই চন্দ্ৰ দাস দীর্ঘদিন ধৰি নানা সমাজ হিতকৰ কাম-কাজৰ লগত জড়িত হৈ আছে। আনহাতে একেটা নিৰ্দেশতে চাৰি নম্বৰ ডিভিজনৰ ডেপুটী ৱাৰ্ডেন হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বলেন্দ্ৰ ভৰালীকো কামৰূপ মহানগৰ জিলাৰ ডেপুটী চীফ ৱাৰ্ডেন হিচাপে নিযুক্তি দিছে ।