সুদীৰ্ঘ ৩৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটাই তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উৱন গাঁৱলৈ উভতিল আলফাৰ শীৰ্ষ নেতা জীৱন মৰাণ। আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতিকে ঘনিষ্ঠ সংগ্ৰামী সতীৰ্থ জীৱন মৰাণে বিগত বৰ্ষতে ৰোগাক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি ম্যানমাৰৰ শিবিৰৰ পৰা ওলাই আহিছিল।
ম্যানমাৰত চলি থকা সামৰিক অভ্যুথানৰ জটিলতাৰ বাবে চিকিৎসা কৰিব নোৱাৰাৰ বাবে শিবিৰ ত্যাগ কৰিবলগীয়া হৈছিল বুলি মন্তব্য আগবঢ়ায়। কেইবাটাও গোচৰত অভিযুক্ত আলফা নেতাজনে যোৱা কেইবামাহো কাৰাবাসত থাকি অৱশেষত মঙ্গলবাৰে জামিন লাভ কৰি নিজ গৃহলৈ উভতে।
মঙ্গলবাৰে নিশাটো ৰূপাইস্থিত বাসগৃহত থাকি বুধবাৰে কাকপথাৰৰ উৱন গাঁৱৰ ওপজা গাঁওলৈ যাত্ৰা আৰম্ভ কৰে। শান্তি আলোচনাৰ পোষকতা কৰা আলফা নেতাজনে ৩৪ বছৰীয়া সংগ্ৰামৰ বিষয়টো আতৰাই চলি আগন্তুক সময়ত স্পষ্ট কৰাৰো ইংগিত দিয়ে।
নিজ গৃহ কাকপথাৰলৈ যোৱাৰ সয়মত সংবাদমাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফা (স্বা) বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণে কয়, প্ৰায় ৪০ বছৰ সংগ্ৰাম কৰিলো। সঁচা সংগ্ৰামেই কৰিবলৈ গৈছিলো। কিন্তু বয়স বহুত হ’ল। এতিয়া মোৰ ৬৭ বছৰ হ’ল। মই যি ৰোগত আক্ৰান্ত হ’লো সেই ৰোগৰ চিকিৎসা ম্যানমাৰ শিবিৰত কৰিব নোৱাৰিলো। বয়স হোৱাৰ লগতে বেমাৰ হোৱাৰ বাবে মই সংগ্ৰাম এৰি আহিলো।