কাজিৰঙাৰ গঁড়ৰ খৰ্গৰ সৰবৰাহৰ লগত জড়িত দুৰ্ধৰ্ষ গঁড়ৰ খৰ্গ ব্যৱসায়ী হাৰুণ ৰছিদক গ্ৰেপ্তাৰ কাজিৰঙা বন বিভাগৰ ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী ভীমলা শইকীয়াৰ সৈতে জড়িত হৈ গঁড়ৰ খৰ্গৰ চোৰাং সৰবৰাহ চলাই নিছিল ধৃত চিকাৰী হাৰুণ ৰচিদে।
সোমবাৰে কলিয়াবৰ মহকুমাৰ হাৰমতীৰ নিবাসী হাৰুণ ৰচিদক নগাঁৱৰ আমনিত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে কাজিৰঙাৰ DFO ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে ৷
উল্লেখ্য দীৰ্ঘদিনে পলাতক আছিল কুঠৰীৰ হাৰমতিৰ নিৱাসী হাৰুণ ৰছিদ ৷
কাজিৰঙাৰ বহু গঁড় খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল হাৰুণ ৰছিদ ৷ সম্প্ৰতি মাৰাথান জেৰা চলাই থকা হৈছে হাৰুণ ৰছিদক।
আনহাতে, কাজিৰঙাৰ নিৱাসী আন এজন গঁড়ৰ খড়্গৰ চোৰাং বেহাৰ লগত জড়িত থকা লোক বৰ্তমানো পলাতক অৱস্থাত আছে বুলি সদৰী কৰে উদ্যানৰ DFO ৰমেশ গগৈয়ে।
Photo: Kishan Chetry