সোমবাৰে বটদ্ৰৱাত বদৰুদ্দিন আজমলে গুৰুজনাক লৈ কৰা সমালোচনাৰ পিছতে আজি মন্ত্ৰী হিমন্তই উভতি ধৰি কয় যে অসমত কেতিয়াও কংগ্ৰেছৰ চৰকাৰ নহয়, কংগ্ৰেছীসকলকহে মানুহে ব্ৰহ্মপুত্ৰত পেলাই দিব ৷
কেতিয়াও অসমত চৰকাৰ পৰিবৰ্তন নহয়, পৰিবৰ্তন হ’লে কংগ্ৰেছৰ পৰিবৰ্তন হ’ব ৷
লগতে আৰু মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছীসকলৰ শৰীৰটো ভালকৈ ধুৱাব লাগিব ৷
কিয়নো সিহঁতৰ গাত যি বদৰুদ্দিন আজমল আজমল গোন্ধাই আছে সেইবোৰ চাফ হ’ব আৰু বদৰ নাইকীয়া হ’ব৷ আনহাতে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ গাটো বদৰ বদৰ গোন্ধাই থাকে ৷
সেয়েহে মন্ত্ৰী হিমন্তই ৰিপুণ বৰাৰ ওচৰত কেতিয়াও নাযায় বুলি মত প্ৰকাশ কৰে ৷