কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিচতে বিশেষ সিদ্ধান্ত গ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ। পদত্যাগ কৰিলে ৰিপুন বৰাই।
দেওবাৰে অৰ্থাৎ ২ মে’ত ঘোষণা হোৱা অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটৰ বিপৰ্যয়ৰ পিছত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
সভাপতি পদৰ পৰাই অব্যাহতি বিচাৰি ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰিপুণ বৰাই।
দলৰ কথা বাদে নিজেই গহপুৰ সমষ্টিত বৃহৎ ব্যৱধানত পৰাস্ত হয় বৰা।
লগতে তেওঁ ক’লে যে মই কংগ্ৰেছ কৰ্মী হিচাপে কাম কৰি যাম।
কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি জনাই যে, তেওঁ বহু কষ্ট কৰাৰ ফলতো কোনো ফল লাভ নকৰিলে।
যাৰ বাবে তেওঁ বহু দুখিত।
বিগত ৪ বছৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈয়ো দলটোৰ কোনো ধৰণৰ উন্নতি কৰিবলৈ মই সমৰ্থ নহলো।
Photo: Google