৩১ মাৰ্চত অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিব প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ অন্তিম খন ছবি ‘শৰ্মাজী নামকিন’। আত্ম-উপলব্ধিক বিষয়বস্তু হিচাপে লৈ এই ছবিখনত এজন অৱসৰপ্ৰাপ্ত পুৰুষৰ কাহিনী দেখুওৱা হৈছে ৷
হিতেশ ভাটিয়াৰ দ্বাৰা পৰিচালিত এই ছবিখনত পৰেশ ৰাৱালৰ লগতে জুহি চাওলা, সুহাইল নায়াৰ, তাৰুক ৰাইনা, সতীশ কৌশিক, শীলা চাধা আৰু ঈশা তলৱাৰেও অভিনয় কৰিছে । এইখনেই প্ৰথম হিন্দী চলচ্চিত্ৰ য’ত দুজন অভিনেতা ঋষি কাপুৰ আৰু পৰেশ ৰাৱালক একেলগে এটা চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব ।
৩১ মাৰ্চত প্ৰাইম ভিডিঅ’ত প্ৰিমিয়াৰ হ’ব ছবিখন । এক্সেল এণ্টাৰটেইনমেণ্টৰ সহ-প্ৰতিষ্ঠাপক ৰীতেশ চিধৱানীয়ে কয় যে,এক্সেল এণ্টাৰটেইনমেণ্টৰ সহ-প্ৰতিষ্ঠাপক ৰীতেশ চিধৱানীয়ে কয় যে,এই ছবিখনেৰে তেওঁলোকে ঋষি কাপুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । উল্লেখ্য যে,ঋষি কাপুৰে কেঞ্চাৰৰ সৈতে যুঁজি যুঁজি ২০২০ চনত ৬৭ বছৰ বয়সত আমাৰ মাজৰ পৰা বিদায় লৈছিল ৷