অৱশেষত ONGCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিলে আলফা(স্বাধীন)য়ে।
শনিবাৰে পুৱা ৭ বজাত ভাৰত-ম্যানমাৰৰ মন জিলাৰ লংৱাত মুকলি কৰি দিলে ONGCৰ কৰ্মচাৰীজনক। আজি পুৱা ৭ বাজি ১০ বজাত ভাৰতত প্ৰৱেশ কৰে।
উল্লেখযোগ্য যে, তিনিদিন পূৰ্বে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল।
বিগত ২১ এপ্ৰিলৰ নিশা লাকুৱা তৈল ক্ষেত্ৰৰ পৰা আলফা(স্বাধীন)য়ে অপহৰণ কৰিছিল কৰ্মচাৰীজনক।
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই সংবাদমেল সম্বোধন কৰি ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ আহ্বান জনোৱাৰ পিছত পৰৱৰ্তী এশ ঘণ্টাৰ ভিতৰত ৰিতুল শইকীয়া স্ব-গৃহ পাবহি বুলি জনাইছিল পৰেশ বৰুৱা।
ৰিতুল শইকীয়াৰ মুক্তিৰ পিছতে এতিয়া আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন ৰিতুল শইকীয়াৰ পৰিয়ালৰ।
Photo: Headline8