এতিয়াও জীয়াই আছে আলফা(স্বাধীন)ৰ দ্বাৰা অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া! অসমীয়া যুৱক হিচাপে ৰিতুলক মুকলি কৰি দিবলৈ আহ্বান জনাইছে জ্যেষ্ঠ আৰক্ষী বিষয়া জি পি সিঙে।
কিছুদিন পূৰ্বে আলফা(স্বা)য়ে অপহৰণ কৰিছিল ONGCত কৰ্মৰত ৩ গৰাকী কৰ্মচাৰী মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক।
বিগত সপ্তাহতে নাগালেণ্ডৰ মন জিলাত অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে আলফা(স্বা)ৰ কবলৰ উদ্ধাৰ কৰিছিল মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক।
কিন্তু সন্ধান পোৱা নাছিল তৃতীয়জন কৰ্মচাৰী ৰিতুল শইকীয়াৰ।
কিন্তু কিছুদিন পূৰ্বে আলফা (স্বা)য়ে এক প্ৰেছ বিবৃতি দিছিল, য’ত তেওঁলোকে প্ৰকাশ কৰিছিল যে, আলফা আৰু সামৰিক বাহিনীৰ মাজত চলা সংঘৰ্ষৰ ফলত ONGCৰ তিনিগৰাকী কৰ্মচাৰীৰ জীৱনৰ নিৰপত্তাৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ডৰ মন জিলাত গঞা ৰাইজৰ তত্বাৱধানত ৰাখি তেওঁলোক নিজৰ গন্তব্য স্থানলৈ অগ্ৰসৰ হৈছিল।
তাৰ পিছতেই আলফা (স্বা)য়ে অভিযোগ উত্থাপন কৰি কৈছিল যে ৰিতুল শইকীয়াৰ হয়তো মৃত্যু হৈছে নহ’লে সেনা-আৰক্ষীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে লুকুৱাই ৰাখিছে বা সেনাৰ গুলীত নিহত হৈছে।
আলফা (স্বা)ৰ এই প্ৰেছ বিবৃতিৰ পিছতে বুধবাৰে জ্যেষ্ঠ আৰক্ষী বিষয়া জি পি সিঙে কৈছিল যে ৰিতুল শইকীয়া জীৱিত আছে।
We've got specific information from Assam Rifles, Army & Nagaland Police that the third ONGC employee, Ritul Saikia, is still in captivity of ULFA(I)… We'll be able to rescue him very soon: Special DGP (Law and Order), Assam, Gyanendra Pratap Singh
— Press Trust of India (@PTI_News) April 28, 2021
আলফাৰ এটা দলে ৰিতুল শইকীয়াক লগত লৈ ঘূৰি ফুৰিছে।
মন জিলাৰ বিভিন্ন স্থানত ঠাই সলনি কৰি ঘূৰি ফুৰিছে দলটো।
আলফাৰ জিম্মাত থকা ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ আহ্বান জনাই জ্যেষ্ঠ আৰক্ষী বিষয়া গৰাকীয়ে।
কিন্তু এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, কিয় আলফা(স্বা)য়ে ভুল প্ৰেছ বিবৃতি দিছিল।
ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টাৰে নে অন্য কোনো কাৰণত ৰিতুল শইকীয়াক নিজৰ লগতে ৰাখি কিয় আঙুলি টোৱাইছিল সেনালৈ?
Photo: Headline8