RJDৰ প্ৰধান লালু প্ৰসাদ যাদৱে লাভ কৰিলে জামিন।
পশুখাদ্য কেলেংকাৰীৰ অভিযোগত শাস্তি ভুগি থকা RJDৰ প্ৰধানগৰাকীক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে চৰ্ত সাপেক্ষে জামিন প্ৰদান কৰে।
উল্লেখ্য ন্যায়াধীশ অপৰেশ সিঙৰ আদালতে জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি লালু প্ৰসাদ যাদৱক পশুখাদ্য কেলেংকাৰী সন্দৰ্ভত জামিন প্ৰদান কৰে।
উল্লেখযোগ্য যে, চাইবাছা আৰু দেৱঘৰ কোষাগাৰৰ পৰা অবৈধভাৱে কোটি কোটি টকা প্ৰত্যাহাৰ প্ৰসংগত পূৰ্বতে লালু প্ৰসাদ যাদৱে জামিন লাভ কৰিছে।
আদালতৰ চৰ্ত
জামিন প্ৰদান কৰাৰ লগতে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে কেইবাটাও চৰ্ত ৰাখিলে আৰু সেয়া লালু যাদৱে মানিব লাগিব।
আদালতৰ আদেশ অনুসৰি, অনুমতি অবিহনে তেওঁ দেশৰ বাহিৰলৈ যাব নোৱাৰিব আৰু লগতে নিজৰ ঠিকনা আৰু মোবাইল নম্বৰো সলনি কৰিব নোৱাৰিব।
লগতে ১-১ লাখৰ Bell bond আৰু ৫-৫ লাখৰ ব্যক্তিগত বণ্ডত তেওঁক এৰি দিয়াৰ আদেশ প্ৰদান কৰা হৈছে।
Photo: Google