ৰাজ্যত দিনক দিনে বৃদ্ধি গৈ আছে বাছ চালকৰ দৌৰাত্ম্য।
যাৰ ফলত প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা।
পুনৰ মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
মঙলবাৰে নিশা প্ৰায় ৭.৩০ বজাত নাৰেংগীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱালে এজন যুৱকে।
ইফালে লগত থকা পিতৃয়ে দুৰ্ঘটনাটোত হেৰুৱালে এখন ভৰি। দুৰ্ঘটনাস্থলীৰ পৰা পিতৃক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য বোন্দাৰ পৰা নাৰেংগীলৈ আহি আছিল দুৰ্ঘটনা সংঘটিত কৰা বাছখন।
ইফালে কলংপাৰৰ পৰা আহি আছিল এখন স্কুটী।
স্কুটীখনত আছিল পিতৃ আৰু পুত্ৰ। দুৰ্ঘটনা সংঘটিত কৰা বাছখনে পাছফালৰ পৰা খুন্দিয়াই স্কুটীখনক।
ফলত ৫০ মিটাৰ দূৰত্বলৈ ছিটিকি পৰে স্কুটীখনত থকা আৰোহীদুজন।
যাত্ৰী নথকা বাছখনত আছিল চালক আৰু হেণ্ডিমেন আৰু দুয়োজনেই সুৰাৰ ৰাগীত মাতাল হৈ আছিল।
ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালক আৰু হেণ্ডিমেনে।
বৰ্তমান দুৰ্ঘটনাস্থলীৰ পৰা বাছখন উদ্ধাৰ কৰি থানালৈ লৈ যায় আৰক্ষীয়ে।
আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনৰ সন্ধান অভিযান অব্যাহত ৰাখিছে।
বৰ্তমান গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, কোনে নাকী লগাব এই উদণ্ড বাছ চালক-হেণ্ডিমেনসকলৰ।
নে প্ৰশাসনে কোনোধৰণৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰে ইয়াক লৈ।
প্ৰশাসনে যদি শীঘ্ৰে এই সন্দৰ্ভত কোনো উচিত পদক্ষেপ গ্ৰহণ নকৰে তেন্তে আগন্তুক দিনত ইয়াতকৈ বিষম পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই যথেষ্ট।
Photo: Headline8