কাজিৰঙাৰ কহঁৰাত এক ভয়ানক ঘটনা সংঘটিত হৈছে ৷
কহঁৰাৰ ৩৭নং ৰাষ্ট্ৰীয়পথত এখন মাৰুতি কাৰত বাগৰি পৰিল এজোপা প্ৰকাণ্ড গছ ৷
কথমপি প্ৰাণ ৰক্ষা বাহনখনৰ আৰোহীৰ ৷ কহঁৰা আদৰ্শ চিকিৎসালয় সন্মুখতে সংঘটিত হয় এই ভয়ানক ঘটনা৷
কাজিৰঙাৰ বচাগাঁৱৰ এজন যুৱকে মাতৃক ভেকচিন দিয়াবলৈ আনিছিল চিকিৎসালয়খনলৈ ৷
মাতৃক চিকিৎসালয়ৰ ভিতৰত থৈ তেওঁ বহি আছিল বাহনখনতে ৷
তেনে অৱস্থাতে হঠাৎ বাহনখনৰ ওপৰতে বাগৰি পৰিল গছ জোপা ৷
সৌভাগ্যক্ৰমে বাহনৰ ছিটটো পাছলৈ ঠেলি বহি আছিল লোকজন ৷
গতিকে কোনো আঘাত নোপোৱাকৈ তেওঁ ৰক্ষা পৰে ৷ আনহাতে পথটোৰে আহ-যাহ কৰা আন পথচাৰী আৰু যান-বাহনো দৈৱ ক্ৰমে ৰক্ষা পৰে।
Photo: Headline8
Input: KIshan Chetry