নতুন শৰাইঘাট দলঙত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS 25 EC 3643 নম্বৰৰ আমিনগাওঁ অভিমুখী তীব্ৰবেগী ডাম্পাৰ এখনে আগে আগে গৈ থকা AS 01 HC 4588 নম্বৰৰ ডাম্পাৰখনক পিচফালৰ খুন্দিয়াই।
দুৰ্ঘটনা অনুসৰি AS 25 EC 3643 নম্বৰৰ ডাম্পাৰখনৰ সন্মুখ ভাগ যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্থ হয়। জানিব পৰা মতে ডাম্পাৰখনৰ চালক চফিক আলী(২৭)বহু সময় ধৰি গাড়ীতে আৱদ্ধ হৈ থাকে। স্থানীয় লোক তথা জালুকবাৰী যান-বাহন আৰক্ষীয়ে আৱদ্ধ হৈ থকা চালকজনক বাহিৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰে যদিও বিফল হয়। পিছত পাণবজাৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোক তথা উদ্ধাৰকাৰী দলৰ প্ৰচেষ্টাত আৱদ্ধ চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এই দুৰ্ঘটনাত ডাম্পাৰখনৰ হেণ্ডিমেনগৰাকীও আঘাতপ্ৰাপ্ত হয়। তেওঁক স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পাতললৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি শৰাইঘাট দলঙত যান-জঁটৰো সৃষ্টি হয়।