অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিবহণ বিভাগক দিয়া নিৰ্দেশ আৰু পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত এইবাৰ দুৰ্ঘটনামুক্ত দুৰ্গোৎসৱ উদযাপনৰ আহ্বানেৰে ৰাজ্যজুৰি পথ-সুৰক্ষা সপ্তাহ অনুষ্ঠিত হৈছে। পৰিবহণ মন্ত্ৰীগৰাকীয়ে ৭অক্টোবৰত অসমত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ উদ্বোধন কৰাৰ দিনাৰ পৰাই ৰাজধানী চহৰখনৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত পথ-সুৰক্ষা সজাগতাৰ জনজাগৰণ সৃষ্টিৰ প্ৰচেষ্টা চলাইছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে । মহানগৰীৰ বিভিন্ন পূজা মণ্ডপ, ৰাজহুৱা স্থান, বাছষ্টেণ্ড, চপিং মলৰ দৰে জনসমাগম থকা ঠাইত সজাগতা সৃষ্টিত বিভাগটোৱে মনোনিৱেশ কৰিছে। বিভিন্ন স্থানত বাহনৰ চালক, যাত্ৰী, পথচাৰীৰ হাতে হাতে তুলি দিছে পথ সুৰক্ষাৰ নীতি নিৰ্দেশনা সম্বলিত প্ৰচাৰ-পুস্তিকা। শিশু, মহিলা আৰু বয়োজ্যেষ্ঠসকল খোজকাঢ়ি ৰাষ্টা পাৰহোৱাৰ সময়ত ক্ষন্তেক অপেক্ষা কৰি মানৱীয় প্ৰমূল্যৰে দায়িত্ব পালন কৰিবলৈ গাড়ী চালকসকলক আহ্বান জনোৱা হৈছে ৷ মহানগৰীৰ জিএছ ৰোডৰ সমীপৰ চিটি মলৰ বাকৰিত মহিষাশুৰৰূপী গুৰুগোসাই নমনা চালকক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতীকী ৰূপত মা দুৰ্গা ধৰালৈ নামি অহা ব্যতিক্ৰমী নাটকেৰে অগনন মহানাগৰিকৰ মাজত সজাগতা সৃষ্টিৰ পিছতে মহানগৰীৰ বিভিন্ন ঠাইত পথ সুৰক্ষা কাৰ্যসূচী অনুষ্ঠিত হয় ৷
বুধবাৰে নিশা মহানগৰীৰ ঐতিহ্যমণ্ডিত বেলতলা লক্ষ্মীমন্দিৰ পূজামণ্ডপত অনুষ্ঠিত জনসজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে এইবাৰৰ দুৰ্গোৎসৱ সম্পূৰ্ণ দুৰ্ঘটনামুক্তভাৱে উদযাপন কৰি পূজাৰ আধ্যাত্মিকতা, আনন্দ উপভোগৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। বাহন চলাওঁতে এচাম লোকৰ যানবাহন আইন উলংঘনৰ প্ৰৱনতা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি দুৰ্গোৎসৱৰ সময়চোৱাত ৰাজপথত উদণ্ড সুৰামত্ত চালক আৰু যানবাহন আইন উলংঘাকাৰীক কোনো কাৰণতে সাৰি যাবলৈ দিয়া ন’হব বুলি তেওঁ মন্তব্য কৰে। এনে চালকৰ সন্মুখত পূজাৰ ভক্তপ্ৰাণ ৰাইজ বিপদত পৰা বুলি খবৰ পোৱা অথবা পৰিবহণৰ তালাচীত ধৰা পৰা মাত্ৰকে ৰঙাঘৰৰ আলহী হ’ব লাগিব বুলিও তেওঁ কয় ৷ ৰাজপথৰ কোনো অনাকাংক্ষিত দুৰ্যোগ-দুৰ্ঘটনাৰ খৱৰে যাতে পূজাৰ আনন্দ উলাহ ম্লান কৰিব নোৱাৰ, পথ-দুৰ্ঘটনাত আপোনজনক হেৰুওৱাৰ খবৰে কোনো পৰিয়াললৈকে যাতে উৎসৱৰ আনন্দমধুৰ সময়ত কাল অমানিশা মাতি আনিব নোৱাৰে তাৰবাবে সকলোকে নিজৰ আচৰণ আৰু নৈতিক দায়িত্ববোধ সন্দৰ্ভত সংযম হ’বলৈ সচকিত কৰি দিয়ে।