কংগ্ৰেছ দল আৰু বিধায়ক পদ শুকুৰবাৰে ত্যাগ কৰিলে চাৰিবাৰকৈ মৰিয়নি সমষ্টিৰ পৰা বিধায়ক হিচাপে জয়ী হৈ অহা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। শুকুৰবাৰে বিধানসভা সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি উঠি সংবাদ মাধ্যমৰ আগত বৰ্তমানৰ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীৰ্যক মন্তব্যৰে আক্ৰমণাত্মক হৈ পৰে ৰূপজ্যোতি কুৰ্মী ।
তেওঁ কয় যে, কংগ্ৰেছত মাত্ৰ ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনৰ ৰাজত্ব চলিছে । চাৰিবাৰকৈ বিধায়ক হিচাপে বিজয়ী হোৱাৰ পিছতো তেওঁক গুৰুত্বহীন কৰি ৰখা হৈছে কংগ্ৰেছ দলত । তেওঁ বিৰোধী দলপতি নাইবা প্ৰদেশ কংগ্ৰেছৰ সভাপতি কিম্বা বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটীৰ অধ্যক্ষৰ পদ বিচাৰিছিল যদিও কংগ্ৰেছে অকণো গুৰুত্ব নিদিলে।
ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য- “ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে ।” আনহাতে, ৰূপজ্যোতি কুৰ্মীয়ে আজি স্পষ্টকৈ ঘোষণা কৰে যে অহা সোমবাৰে তেওঁ লখিমপুৰত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব ।