জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ। পত্নী হত্যাৰ অপবাদ দিয়াৰ অভিযোগত কল্পনা আৰু পৰিয়ালৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ ভনী জোঁৱায়েকৰ। বেংগালুৰুত মৃত্যু হৈছিল কল্পনা পাটোৱাৰীৰ ভগ্নী কাকলি মহন্তৰ। কাকলিৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছিল কল্পনা পাটোৱাৰীৰ লগতে পৰিয়ালৰ লোকে।
কাকলিক হত্যা কৰাৰ অভিযোগত আদালতৰ কাঠগড়াত ঠিয় কৰাইছিল স্বামী পাৰ্থপ্ৰতিম মহন্তক। আনকি কণমানি কন্যাকো পাৰ্থ প্ৰতিম মহন্তই নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছিল কল্পনা পাটোৱাৰীৰ লগতে পৰিয়ালৰ লোকে। আদালত আৰু শিশু সুৰক্ষা সমিতিৰ নিৰ্দেশত কন্যাৰ দায়িত্ব লৈছিল কল্পনা পাটোৱাৰীৰ পৰিয়ালে।