টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোঁহাইলৈ অসম চৰকাৰে আগবঢ়াব ৭ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ। খেলুৱৈগৰাকীৰ বৰপথাৰৰ বৰমুখীয়া গাঁৱৰ ঘৰত উপস্থিত হৈ এই ঘোষণা কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিত্ ফুকনে।
পুৰস্কাৰৰ ধন ৰাশি আজি আনুষ্ঠানিকভাৱে লাভলীনাৰ পিতৃৰ হাতত অৰ্পণ কৰা হ’ব।উল্লেখ্য যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে এই পুৰস্কাৰ।