শুকুৰবাৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ লগতে বিধানসভাৰ অধ্যক্ষৰ ওচৰত এখন পদত্যাগ পত্ৰ দাখিল কৰি বিধায়ক পদৰ পৰাও অব্যাহতি লয়। চর্চা অনুসৰি তেওঁ শীঘ্ৰেই বিজেপিত যোগদান কৰিব।বিধায়ক পদ ত্যাগ কৰিবলৈ বিধানসভাৰ অধ্যক্ষৰ ওচৰত আহি উপস্থিত হোৱাৰে পৰা তেওঁক সংগ দিয়া দেখা যায় মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, বিধায়ক তথা একালৰ সতীৰ্থ জয়ন্তমল্ল বৰুৱাই ৷
আনহাতে ইয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগক কংগ্ৰেছ দলটোৰ বাবে বৃহৎ ক্ষতি বুলি আখ্যা দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই । তেওঁ কয়,’ৰূপজ্যোতি কুৰ্মী যিটো ৰাজনৈতিক দলত থাকিব, সেইটো ৰাজনৈতিক দলৰ বাবেই তেওঁ এক সম্পদ । কিয়নো তেওঁ এজন যুঁজাৰু নেতা। তেওঁ কথা ক’বলৈ ভয় নকৰে’।
তেওঁ লগতে কয় যে,’কংগ্ৰেছ নেতৃত্বই মানি লওক বা নলওক,এয়া সঁচা যে ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগ আচলতে কংগ্ৰেছ দলটোৰ বাবে বৃহৎ ক্ষতি’।
পীযুষ হাজৰিকাই লগতে কয় যে, কংগ্ৰেছত শেষলৈকে এনে দুই এজন লোক হয়তো ৰৈ যাব যিসকলক আন কোনো দলে গ্ৰহণ নকৰে ।