শুকুৰবাৰে কংগ্ৰেছ দল ত্যাগ কৰা ৰূপজ্যোতি কুৰ্মীয়ে আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ উপস্থিতিত গেৰুকামুখত আয়োজিত এক বিশেষ সভাত যোগদান কৰে বিজেপি দলত। বিজেপি দলৰ সমূহ কৰ্মকৰ্তাৰ হৈ মৰিয়নি সমষ্টিৰ চাৰিবাৰৰ বিধায়কজনক দললৈ আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে।
হিমন্তবিশ্ব শৰ্মাৰ কাম-কাজত আকৰ্ষিত হৈয়ে বিজেপিত যোগদান কৰিলে বুলি কয় ৰূপজ্যোতি কুৰ্মীয়ে।তেওঁ কয় যে বিজেপিত তেওঁ বহু পূৰ্বেই যোগদান কৰিব লাগিছিল।
‘পদবীৰ দায়িত্ব মোক নালাগে, মই মাথো মৰিয়নিৰ ৰাইজৰ সেৱা কৰাৰ বাবেহে ভাৰতীয় জনতা পাৰ্টিলৈ আহিছো’ বুলি মন্তব্য কৰি তেওঁ নিজৰ চমু বক্তব্যৰ সামৰণি মাৰে।