হাতত কৰতাল লৈ লোটা লৈ গেৰুৱা বসন পিন্ধিলে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
সততে নিজৰ ব্যতিক্ৰমী কৰ্মৰে সংবাদমাধ্যমৰ শিৰোনোমা দখল কৰা প্ৰাক্তন বিধায়গৰাকীক এইবাৰ ঋষি গৰ্গমুনিৰ ভাৱত দেখা গ’ল
মৰিয়নীত বিশ্বকৰ্মা পূজা উপলক্ষ্যে আয়োজন কৰা ‘দস্যু ৰত্নাকৰৰ মুক্তি লাভ’ নামৰ ভাওনাখনত গৰ্গমুনিৰ চৰিত্ৰত অভিনয় কৰিলে প্ৰাক্তন বিধায়কগৰাকীয়ে৷
মৰিয়নীৰ মেজিক ষ্টেণ্ডত অনুষ্ঠিত এই ভাওনা সবাহখন ৰূপজ্যোতি কুৰ্মীৰ পৰিয়ালৰ লোকে আগবঢ়াইছিল৷
আগন্তুক বিধানসভাৰ উপনিৰ্বাচনৰ পূৰ্বে জনসাধাৰণৰ মাজত পূৰ্বৰ ভাৱমূৰ্তি অক্ষুন্ন ৰাখিব বাবে ৰূপজ্যোতি কুৰ্মীয়ে অংশগ্ৰহণ কৰে ভাওনাখনত।
সম্প্ৰতি ৰূপজ্যোতি কুৰ্মীৰ এই ফটোকেইখনে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।