মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ দল ত্যাগৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।খবৰ অনুসৰি বিজেপি দলত যোগদান কৰিব তেওঁ। কাইলৈ এই সম্পৰ্কে আনুষ্ঠানিক ঘোষণা আগবঢ়াব বিধায়কগৰাকীয়ে।উল্লেখ্য যে কিছু দিন পূৰ্বে নিজৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ দাবী কৰিছিল তেওঁ।
অৱশ্যে বিভিন্ন সময়ত দলীয় নেতৃত্বৰ বিৰুদ্ধে মত আগবঢ়াই অহা কুৰ্মীৰ এনে সিদ্ধান্তত বিশেষ আচৰিত হ’বলগীয়া নাই।উল্লেখ্য যে হিমন্তবিশ্ব শৰ্মা কংগ্ৰেছত থাকোতে তেওঁৰ অনুগত শিবিৰৰ অন্যতম এজন আছিল কুৰ্মী। যি নহওঁক তেওঁৰ দলত্যাগে কংগ্ৰেছ দলৰ চাহ জনগোষ্ঠীৰ মাজত থকা অৱশিষ্ট গণভিত্তিও যে খহাই পেলাব সেয়া প্ৰায় নিশ্চিত।