আজি পুনৰ মুকলি কৰা হ’ল ধুবুৰীস্থিত ৰূপসী বিমানবন্দৰ।
সুদীৰ্ঘ ৩৮ বছৰৰ পাছত পুনৰ মুকলি কৰা হ’ল এই বিমানবন্দৰ।প্ৰায় ৬৮ কোটি টকাৰে যাতায়ত তথা বাণিজ্যিক কামকাজৰ বাবে পুনৰ সক্ৰিয় কৰি তোলা হৈছে এই বিমানবন্দৰটো।
বুধবাৰে FLYBIG কোম্পানীৰ এখন যাত্ৰীবাহী বিমানে নৱনির্মিত ৰূপসী বিমানবন্দৰ পৰীক্ষণ কৰে ।
তাৰ পিছতে বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিছিল যে FLYBIG য়ে কৰা এই পৰীক্ষণৰ জৰিয়তে ৰূপসী বিমানবন্দৰত বিমান চলোৱাৰ বাবে সক্ৰিয় হৈ উঠিছে বুলি সেউজ সংকেত লাভ কৰিছে।
সেয়েহে আজিৰে পৰা এই বিমানবন্দৰত বিমান চলাচল শুভাৰম্ভণি কৰা হ’ল।
ৰূপসী বিমানবন্দৰৰ পৰা সপ্তাহত ৪ দিন গুৱাহাটীলৈ উৰা মাৰিব বিমান।
ইয়াৰ উপৰিও ধুবুৰিস্থিত এই বিমানবন্দৰৰ পৰা গুৱাহাটী ,কলকাতা হৈ চলাচল কৰিব।
জানিব পৰা অনুসৰি ৰূপসী বিমানবন্দৰৰ পৰা FLYBIG নামৰ কোম্পানীটোৱে আগৰতলা ,ডিব্ৰুগড় ,শ্বিলংৰ মাজতো বিমান চলাচল কৰিব।
Photo Credit : Google